জামুগুৰিহাটঃ বিগত কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ জীয়াভৰলীয়ে কালৰূপ ধাৰণ কৰিছে জামুগুৰিহাটৰ পশ্চিমাঞ্চলত৷ অঞ্চলটোৰ চকীঘাটত ছিমপ্লেক্স কোম্পানীৰ দ্বাৰা নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ লগতে চকীঘাট দলঙৰ সুৰক্ষাৰ বাবে যি গাইড বান্ধ নিৰ্মাণ কৰা হৈছিল সেই গাইড বান্ধৰ অৰ্ধেক অংশ বৰ্তমান জীয়াভৰলীৰ বুকুত জাহ গৈছে৷
জামুগুৰিহাটৰ চকীঘাটত জীয়াভৰলী নদীয়ে যোৱা দুদিন ধৰি তীব্ৰ গৰাখহনীয়া আৰম্ভ কৰাত ছিমপ্লেক্স কোম্পানীৰ দ্বাৰা সৰ্বমুঠ ১২ কিঃমিঃ দৈৰ্ঘ্যৰ গাইড বান্ধৰ কামৰ ভিতৰত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা ৪ কিঃমিঃ দৈৰ্ঘ্যৰ গাইড বান্ধৰ প্ৰায় ডেৰ কিঃমিঃ অংশ সম্পূৰ্ণৰূপে নদীৰ পানীয়ে খহাই নিশ্চিহ্ন কৰি তুলিছে৷
আজি নিৰ্মীয়মান গাইড বান্ধ স্থলীত উপস্থিত হোৱা বহিঃৰাজ্যৰ ছিমপ্লেক্স কোম্পানীৰ ছিনিয়ৰ প্ৰজেক্ট মেনেজাৰ ৰথিন দত্ত আৰু শংকৰ পালে সাংবাদিকক জানিবলৈ দিয়া মতে হঠাৎ বাঢ়ি অহা জীয়াভৰলীৰ পানীয়ে তেওঁলোকৰ গাইড বান্ধৰ ডেৰ কিঃমিঃ অংশ নিশ্চিহ্ন কৰি পেলোৱাৰ ফলত প্ৰায় ৭ কোটি টকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নদীৰ বাঢ়নি পানীয়ে নদীখনৰ সমীপৱৰ্তী স্থানত থকা তেওঁলোকৰ ক্ৰেন, জেচিবি, ফকলেণ্ডকে ধৰি যন্ত্ৰাংশসমূহো পানীৰ তলত বুৰ গৈ আছে৷
নিৰ্মীয়মান গাইড বান্ধটোৰ সুৰক্ষাৰ বাবে ছিমপ্লেক্স কোম্পানীৰ ফালৰ পৰা বেম্বো পাৰ্কুপাইনৰ লগতে বালিৰ বেগেৰে গাইড বান্ধ সুৰক্ষাৰ ব্যৱস্থা কৰিছিল যদিও জীয়াভৰলীৰ বিধ্বংসী ধলে সকলো নিমিষতে উটুৱাই নিশ্চিহ্ন কৰি পেলোৱা বুলিও কোম্পানীটোৰ উচ্চ পদস্থ বিষয়া দুগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷
ইফালে চকীঘাটতেই জীয়াভৰলী নদীৰ বাঢ়নি পানীয়ে নদীখনৰ গাতে লাগি থকা নিৰ্মীয়মান চাৰিলেন যুক্ত পথৰ কিছু অংশ কালিৰ পৰা খহাই অহা পৰিলক্ষিত হৈছে৷ গাইডবান্ধ ভাঙি জীয়াভৰলীৰ পানী ওলাই অহাৰ ফলত নিকটৱৰ্তী ৩ খনকৈ গাঁও বানৰ কৱলত পৰাও পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে অহা দুই তিনিদিনৰ ভিতৰত অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত যদি আৰু অধিক বৃষ্টিপাত হয় তেন্তে বিপদ সীমাৰ ওপৰৰে বৈ সংহাৰী ৰূপ লোৱা জীয়াভৰলী নদীয়ে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত নিৰ্মাণ কাৰ্য্য চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু গাইড বান্ধৰ কামত আৰু অধিক ক্ষতি কৰাৰ সম্ভাৱনা থকা বুলিও প্ৰকাশ কৰিছে ছিমপ্লেক্সৰ বিষয়ববীয়াই৷