চতিয়াঃ ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই ৷ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই নিদ্ৰাহৰণ কৰিছে দক্ষিণ চতিয়াৰ জনসাধাৰণৰ৷ কাৰণ ইতিমধ্যে ভয়ংকৰ বানৰ কবলত পৰিছে দক্ষিণ চতিয়াৰ কেইবাখনো গাঁৱৰ লগতে অঞ্চলটোৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ৷ এই ভয়ংকৰ বানত এতিয়া অঞ্চলটোৰ মছজিদ, বাংকামাৰী প্ৰাথমিক বিদ্যালয়খন সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ উপৰি এই বানত নিচিহ্ন হৈ পৰিছে দক্ষিণ চতিয়াবাসীৰ একমাত্ৰ ৰক্ষাকৱচ স্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিৰ গাতে লাগি থকা শিঙিমাৰী গাওঁখন৷
কিয়নো বৰলুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা গাওঁখনৰ জনতাই এতিয়া নিজৰ ভূমি সম্পত্তি হেৰুৱাই পোহনীয়া পশুধন লৈ সৰু সৰু জুপুৰি সাজি আশ্ৰয় ল’বলগীয়া হৈছে বিশ্বনাথ পানপুৰ মাথাউৰিত৷ কিন্তু ইয়াতো যেন নিৰাপত্তা নাই এওঁলোকৰ ৷কাৰণ লুইতৰ খহনীয়া অব্যাহত আৰু পানী বৃদ্ধি পাই থাকিলে এই মথাউৰিটোও যিকোনো মুৰ্হূত্বতে হ’বপাৰে নিচিহ্ন৷ কিন্তু এনে অৱস্থাৰ পিছতো এই পৰ্যন্ত ইয়াত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক। যাক লৈ এতিয়া গভীৰ আক্ষেপ প্ৰকাশ কৰিছে এইসকল বানাক্ৰান্তই৷