খোৱাংঃ এনৰেগা আঁচনিৰ প্ৰায় ৯ লাখ টকাৰে নিৰ্মাণ কৰা খোৱাং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ মইনা গাঁৱৰ পৰা দীঘলীছিগা সংযোগী ৰিংবান্ধটো যোৱা নিশা প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্য বুঢ়িদিহিং নদীৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱাত এক বিস্তৃৰ্ণ এলেকা প্লাৱিত হৈ পৰিছে। এই বৃহৎ অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক পৰিয়াল বানত সৰ্বস্বান্ত হৈ পৰিছে।
অঞ্চলটোৰ লোকসকলে ওখ ঠাইত আশ্ৰয় লৈছে যদিও বিস্তৃৰ্ণ এলেকাৰ খেতি পথাৰ বানৰ কবলত পৰি অনিষ্ট হৈ পৰিছে। আনহাতে পৰ্যাপ্ত খাদ্যৰ অভাৱ ঘটিছে পোহনীয়া জীৱ-জন্তুৰ। সম্প্ৰতি বানাক্ৰান্তৰ কাষত উপস্থিত হৈ চৰকাৰী কোনো কোনো বিভাগৰ লোকে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছে যদিও জনপ্ৰতিনিধি কোনো এজনেই বাতৰি লিখা পৰলৈকে উপস্থিত হোৱা নাই বুলি ৰাইজে জনাইছে। উল্লেখ্য যে বুঢ়িদিহিং নদীৰ খোৱাং মইনা গাঁৱৰ এই ৰিংবান্ধটো এনৰেগা আঁচনিৰ প্ৰায় ৯ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল যদিও নিম্ন মানৰ সামগ্ৰীৰে ৰিংবান্ধটো নিৰ্মাণ কৰাত নদীৰ প্ৰথমটো বাঢ়নী পানীতে ছিঙি যায়৷