কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৰাজীৱ ভৱনত সংবাদ মেল

 07/13/2019 - 19:19

গুৱাহাটীঃ শনিবাৰে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাজীৱ ভৱনত এক সংবাদ মেল যোগে অভিযোগ কৰে যে শাসকীয় চৰকাৰখনে ৰাজ্যৰ বান বিধস্ত লোকসকলৰ বাবে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই। কেন্দ্ৰৰ বিশেষ গুৰুত্ব পোৱা বুলি দাবী কৰা চৰকাৰখনে কিহৰ কাৰণে বানপীড়িত ৰাইজক দিব পৰা নাই শৰনাৰ্থী শিবিৰ ,উদ্ধাৰকাৰী দল বুলি প্ৰশ্ন কৰে।

সময়ত মথাউৰি ঠিক নকৰা কাৰণে শাসকীয় চৰকাৰখনক গৰিহনা জনায় ভট্টাচাৰ্যই। উল্লেখ্য কংগ্ৰেছৰ বিধায়ক তথা কৰ্মীয়ে বানপীড়িতসকলৰ সহযোগিতাৰ কাৰণে ২১ খন জলমগ্ন জিলাত লৈছে বিশেষ ব্যৱস্থা। তেওঁ মন্তব্য কৰে ''প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিঙিত অসমীয়াৰ গামোচাখন সদায়েই থাকিব কিন্ত মুখ্যমন্ত্ৰী এনেদৰে থাকিলে আপোনাৰ মাজুলীখন হ’লে নাথাকিব।’’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।