07/13/2019 - 20:00
in
মঙলদৈঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো আহাৰ মহীয়া বানৰ তাণ্ডব। নগৰবাহী, কানাইচুবা, অধিকাৰী, বেজপাৰাকে ধৰি প্ৰায় ২০ খনৰো অধিক গাঁও জলমগ্ন হৈছে। ইফালে বেজপাৰা, নগৰবাহীৰ গৰকাপ্টানি পথ জলমগ্ন হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ৰাইজে।
কানাই চুবাত নোৱা নৈৰ মথাউৰি ভঙাৰ ফলতে জলমগ্ন হৈ পৰে এই বৃহৎ অঞ্চল। বানপীড়িত অঞ্চলত এতিয়াও পোৱা নাই কোনো চৰকাৰী সাহাৰ্য্য৷ একাংশ লোকে নিজৰ ঘৰ এৰি নিৰাপদ স্থানলৈ গতি কৰিছে। ইফালে পুখুৰীৰ মাছ, পথাৰৰ খেতি, কঠিয়া আদি পানীত উটি যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।