07/13/2019 - 20:53
in
ৰঙিয়াঃ ৰঙিয়াৰ মাজেৰে যোৱা ভাতকুছিত শনিবাৰে বিয়লি বৰপেটা অভিমুখী এখন যাত্ৰীবাহী বাছে গৰুক বচাবলৈ গৈ এখন ডি আই গাড়ীক খুন্দা মাৰে। ডি আইখনক খুন্দা মাৰিয়েই বাছখনৰ ৰাখি চালকজনে পলায়ন কৰে। নোনা নৈৰ দলঙৰ এধলীয়া ঠাইত এনেদৰে চালকজনে বাছখন এৰি পলায়ন কৰাত বাছখন লাহে লাহে যাত্ৰীসহ পিচফালে গতি কৰি এখন জানত পৰিবলৈ লয়।
এনে মুহুৰ্ততে স্থানীয় পুতুল আলী নামৰ এজন সাহসী যুৱকে দৌৰি গৈ চালকৰ দৰ্জাৰে প্ৰৱেশ কৰি বাছখন ব্ৰেক লগাই ৰখাই দিয়াত বাছখনৰ যাত্ৰী সকলে দৰ্জা আৰু খিৰিকীৰে নামিবলৈ সক্ষম হয়। কেইজনমান যাত্ৰী সামন্য পৰিমানে আঘাতপ্ৰাপ্ত হয় যদিও স্থানীয় যুৱক পুতুল আলীৰ উপস্থিত বুদ্ধিৰ বাবে আটাইকেইজন যাত্ৰীৰ প্ৰাণৰক্ষা পৰাত সকলোয়ে যুৱকজনৰ শলাগ লৈছে। একাংশ যাত্ৰীয়ে পুতুল আলীক ভগৱানে তেওঁলোকৰ প্ৰাণৰক্ষা কৰিবলৈ পঠাই দিয়া বুলি অভিহিত কৰিছে।