ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ

 07/13/2019 - 21:36

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ। হেজাৰ হেজাৰ লোকৰ খাদ্য সামগ্ৰীৰ ভৰাল, পশুধন, পুখুৰীৰ মাছ , বিভিন্ন খেতি-বাতিকে আদি কৰি কেইবা কোটি টকাৰ সা-সামগ্ৰী বিনষ্ট হৈছে। যোৱা তিনিদিন ধৰি ব্ৰহ্মপুত্ৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি বিস্তীৰ্ণ অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছে। টেঙাগুৰি কছাৰী গাঁৱৰ নৱ নিৰ্মীয়মান ৰিং বান্ধ ছিগি যোৱাত ইখনৰ পিছত সিখনকৈ গাঁও বানত বুৰ গৈছে। হাতীলৰুৱা পথাৰ, টেঙাগুৰি,ফলিহামাৰি পথাৰ,জৰিবৰ, বকোৱামাৰি,ঔতলাবড়ী, তিনিচুকীয়া মহমাৰা, বালিডোঙ্গা,ফলিহামাৰি পাম,দক্ষিণ টেঙাগুৰিকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক গাঁও প্লাবিত হৈছে।

বহু ঠাইত ৰাস্তা ঘাট ছিঙি নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱা পৰিলক্ষিত হৈছে। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাক্ৰান্ত লোক সকলে। শুক্ৰবাৰে বন্যাকান্ত লোক সকলক চৰকাৰৰ ফালৰ পৰা চাউল, ডালি, নিমখ আৰু তিৰপাল বিতৰণ কৰা হয় উল্লেখ্য যে বি জে পি চৰকাৰে অতি কম সময়ৰ ভিতৰত বিশেষ তৎপৰতাৰে বানাক্ৰান্ত সকলৰ বাবে সাহাৰ্য্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সচেতন জনতাই চৰকাৰৰ এনে পদক্ষেপক শলাগ লোৱাৰ লগতে অতি কম সময়ৰ ভিতৰতে বন্যাক্ৰান্তসকলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহব্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।