বন্যাৰ্তক প্ৰৰ্যাপ্ত সুবিধা দিয়াত ব্যৰ্থ হোজাই জিলা প্ৰশাসনঃ প্ৰদ্যুত বৰদলৈ

 07/14/2019 - 14:25

লংকাঃ নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে ব্লক কংগ্ৰেছে শনিবাৰে লংকাত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পুনৰ সৰৱ হৈ পৰে। শেহতীয়াকৈ ৰাজ্যত অৱনতি ঘটা বানপৰিস্থিতিৰ খবৰ ল’বলৈ আহি হোজাই জিলাৰ বিভিন্ন বানাপীড়িত অঞ্চলত উপস্থিত হৈ হোজাই জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

উল্লেখ্য যে জিলাখনৰ বিভিন্ন স্থানত অধিক অৱনতি ঘটা বানপৰিস্থিতিৰ লগতে বন্যাৰ্তৰ কাষত হোজাই জিলা প্ৰশাসনৰ লোক বৰ্তমানো উপস্থিত নোহোৱাৰ অভিযোগ তুলি একপ্ৰকাৰে সৰৱ হৈ পৰে সাংসদগৰাকী। কয়লা, গৰু, ছুপাৰি আদি ছিণ্ডিকেটৰ প্ৰসংগত সংসদত উত্থাপন কৰাৰ লগতে সাংসদগৰাকীয়ে কয় যে বিজেপিৰ দিনতেই ছিণ্ডিকেটৰ কৰাল গ্ৰাসত পৰিছে ৰাজ্যখন।

লংকাত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা সভাত ১০ নং নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে ভাষণ প্ৰসংগত বান আৰু ছিণ্ডিকেটৰ প্ৰসংগত মন্তব্য কৰা উক্ত গণ সম্বৰ্ধনা সভাত নৱ নিৰ্বাচিত সাংসদগৰাকীক জাপি, গামোছা আৰু সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায় লংকা টাউন ব্লক কংগ্ৰেছ কমিটী, ধলপুখুৰী ব্লক কংগ্ৰেছ কমিটী, যমুনামুখ ব্লক কংগ্ৰেছ কমিটীৰ সমূহ সদস্যৰ লগতে লংকা শাখা সাহিত্য সভা আৰু লংকাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী সকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।