বাক্সাঃ নেৰানেপেৰা বৰষুণৰ ফলত বেকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বাক্সা জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। শেহতীয়াকৈ বাক্সাৰ ওডালগুৰি বালিপুৰ চৰ বানত ডুব গৈ আছে। বালিপুৰ চৰৰ বানপীড়িত ৰাইজে আশ্ৰয় লৈছে বিদ্যালয় গৃহত। আজি সদৌ বিটিচি ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ শালবাৰী জিলা সমিতিৰ এটা সজাতি দলে আশ্ৰয় শিবিৰত উপস্থিত হৈ বুজ লোৱাৰ লগতে বিস্কুট, চিৰা আদি বানাক্ৰান্তৰ মাজত বিতৰণ কৰে।
পূৱ খাৰিজা বিজনী ছোৱালী এম ই স্কুলত আশ্ৰয় লৈ থকা ৮৪ টা পৰিয়াল আৰু পশ্চিম এম ই স্কুলত আশ্ৰয় লৈ থকা ২৫ টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় উল্লিখিত খাদ্য সামগ্ৰীসমূহ। উল্লেখ্য যে, বানাক্ৰান্ত ৰাইজৰ মাজত জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও ব্যাপকভাৱে খাদ্য সংকটত ভোগা বুলি জানিবলৈ দিয়াৰ লগতে আশ্ৰয় শিবিৰৰ অভাৱত পৰা বুলি অভিযোগ তোলে বানাক্ৰান্ত ৰাইজে। এ বি এম ছুৰ সজাতি দলটোৰ নেতৃত্ব বহন কৰে শালবাৰী জিলা সভাপতি ইব্ৰাহীম আলিয়ে।