সোৱণশিৰি নৈৰ ভয়ংকৰ ৰূপ

 07/14/2019 - 17:53

লখিমপুৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বান্ধৰ ওপৰেদি পানী বাগৰিছে। ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জিলালৈ বিপদৰ আগজাননী। অৰুণাচল প্ৰদেশত মূষলধাৰ বৰষুণৰ হোৱাৰ ফলত সোৱণশিৰী নৈৰ জলপৃষ্ঠ বাঢ়িব ধৰে। ইয়াৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প মূল বান্ধৰ ওপৰেদি ভয়ানক ভাৱে পানী বাগৰিছে।

ক্ৰমান্বয়ে ফেনে ফোটোকাৰে পানী বঢ়া বাবে দাঁতি কাষৰীয়া গাঁও ৰাইজৰ চকুত টোপনি নাই। যদি সোৱণশিৰী নৈৰ পানীয়ে এই বান্ধ ভাগি চূৰমাৰ কৰে তেন্তে ধেমাজি জিলা, লখিমপুৰ জিলা আৰু মাজুলী জিলা লৈ ভয়ংকৰ বিপদ নামি অহাটো নিশ্চিত হৈ পৰিব। ইয়াকে লৈ নৈ দাতি কাষৰীয়া ৰাইজ আতংকিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।