গৌৰীপুৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ এটা অতি গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত গোসাইগাঁও-ধুবুৰী গড়কাপ্টানি পথটোৰ বিধ্বস্তৰূপে ৰাইজক জ্বলা-কলা খুৱাইছে। সম্প্ৰতি এই পথছোৱা মৰণ ফান্দলৈ পৰিণত হৈছে। অতি গুৰুত্বপূৰ্ণ পথটোৰ শ্ৰীৰামপুৰৰ পৰা তামাৰহাটলৈ প্ৰায় ১০-১৫ কিলোমিটাৰ পথৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে।
পথটোৰ মাজে মাজে সৃষ্টি হোৱা গাঁতবোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত গড়কাপ্টানি বিভাগটোৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পথটোত ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ পাছতো স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিয়ে এই পথটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।
পথছোৱা এনে অৱস্থা হোৱাৰ ফলত যাত্ৰীবাহী বাছ, টেম্পু, চাৰিচকীয়া মটৰ চাইকেল আদি চলাই যোৱা ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে যদিও স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিয়ে আজিলৈকে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে প্ৰকাশ কৰি কয় যে লগতে এই পথটোৰ বিষয়ে বাৰম্বাৰ বিধায়কক অৱগত কৰা হৈছিল যদিও কোনো লাভ নহ'ল। অতি শীঘ্ৰেই পথটো মেৰামতি কৰি দিয়াৰ বাবে বিটিচি চৰকাৰৰ ওচৰত ৰাইজে দাবী জনাইছে।