টিংখাংঃ ৰাজ্যৰ চৌদিশে এতিয়া ভয়াবহ বান পৰিস্থিতি। বানাক্ৰান্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্য প্ৰদানত যাতে কোনো ধৰণৰ হেমাহি নহয় তাৰ বাবে যিকোনো মুহূৰ্ততে সাজু থাকিবলৈ জিলা প্ৰশাসনসমূহলৈ ইতিমধ্যে জৰুৰী নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পিছে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ প্ৰতি এক প্ৰকাৰ যেন বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে। এই অভিযোগ খোদ বিজেপি বিধায়ক তেৰজ গোৱালাৰ।
শনিবাৰে বানাক্ৰান্ত ৰাইজৰ প্ৰতি প্ৰশাসনৰ সামান্যতমো দায়িত্বহীনতাৰ অভাৱ দেখি অগ্নিশৰ্মা হৈ পৰে দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালা। উল্লেখযোগ্য যে টিংখাঙৰ গাতে লাগি থকা দুলিয়াজান সমষ্টিৰ টেলপানী বামুনীকুৰীয়া পঞ্চায়তৰ অন্তৰ্গত চহৰীকটা মাজুলী কৈৱৰ্ত গাঁওখন বিগত চাৰিদিন ধৰি বুঢ়ীদিহিঙৰ প্ৰৱল বানত জলমগ্ন হৈ আছে। গাঁওখনৰ শতাধিক পৰিয়াল সম্পূৰ্ণৰূপে পানীৰ মাজতে আৱদ্ধ হৈ আছে। বানত পৰি ককবকাই থকা গাঁওখন শনিবাৰে বিয়লি নাৱেৰে পৰিদৰ্শন কৰে বিধায়ক তেৰজ গোৱালাই।
আৰু বান পৰিস্থিতি পৰিদৰ্শন কৰিয়েই চকু কপালত উঠিল বিধায়কগৰাকীৰ। কাৰণ বিগত চাৰি দিনে জলবন্দী হৈ থকা চহৰীকটা মাজুলী কৈৱৰ্ত গাঁৱৰ বানক্ৰান্ত লোকৰ উদ্ধাৰ তথা সাহায্যৰ নামত কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই প্ৰশাসনে। ইতিমধ্যে গাঁওখনৰ বহুকেইটা গৃহ পানীৰ তলত আৱদ্ধ হৈ পৰাৰ স্থলপথেৰে বহিঃজগতৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
যাৰ ফলত গাঁওবাসী খাদ্য তথা খোৱাপানীৰ সংকটত ভোগিব লগা হৈছে। বানপানীৰ ফলত কেইবাটাও পশুধনৰ ইতিমধ্যে মৃত্যু হৈছে। কেইবা বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে। এনে অবৰ্ণনীয় পৰিস্থিতিৰ পাছতো স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী বিতৰণ নকৰাৰ লগতে জনস্বাস্থ্য, পানীযোগান, পশুপালন বিভাগৰ পৰা কোনো তৎপৰতা গ্ৰহণ নকৰাত খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়কগৰাকী। তেওঁ বান পৰিদৰ্শনস্থলীৰ পৰাই প্ৰতিটো বিভাগলৈ ফোন কৰি জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।