উত্তৰ গুৱাহাটীঃ ৰাজ্যত প্ৰলয়ংকাৰী বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ২৪ ঘণ্টাৰ ভিতৰত বানপানী আৰু ভূমিস্খলনৰ ফলত কেইবাজনো হতাহত হৈছে। আনহাতে কেইবা লাখো লোক বৰ্তমানেও বানৰ কৱলত। বিপদৰ আশংকা কৰি উত্তৰ গুৱাহাটী-গুৱাহাটী মাজত চলাচল কৰা ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা গৈছে। উত্তৰ গুৱাহাটীবাসীৰ যোগাযোগৰ আটাইতকৈ বহুল ব্যৱহাৰিত পথ হ’ল জল যাতায়ত।
ফলত যাত্ৰীসকলে দুৰ্যোগৰ সন্মুখীন হৈছে। আজি পঞ্চম দিনাও বন্ধ আছে ফেৰীসেৱা। জলস্তৰ বৃদ্ধিলৈ লক্ষ্য ৰাখি যাত্ৰীসকলৰ দুৰ্যোগ আৰু ১০ বা ১৫ দিন অব্যাহত থাকিব বুলি স্থানীয় ৰাইজে আশংকা কৰিছে। আগন্তুক ৪ দিনত অসম, অৰুনাচল প্ৰদেশ, মনিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। উত্তৰ গুৱাহাটী, আমিনগাঁৱৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত দৰং জিলাৰ সীমাত অৱস্থিত লেঙা গাঁৱৰ খেতি পথাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত ডুব যোৱাৰ ফলত খেতিবাতি নষ্ট হৈছে।
লাহে লাহে বাঢ়নি পানীয়ে মথাউৰিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। আজি কিছুবছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে লেঙাৰ মথাউৰি চিঙি বিস্তৰ ক্ষতি সাধন কৰিছিল লেঙাবাসীৰ। বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী৷ ফলত অসমত বান পৰিস্থিতিয়ে প্ৰলয়ংকাৰী ৰূপ লৈছে। ধাৰাষাৰে বৰষুণ অব্যাহত থকাত ব্ৰহ্মপুত্ৰৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ আশংকা কৰা হৈছে। সম্প্ৰতি এই তথ্যই ৰাজ্যৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰত জলস্তৰ ৪৯.৬৮ মিটাৰলৈ বৃদ্ধি পাইছে।