বানৰ কৱলত পৰা ৫ টা হৰিণ বনাঞ্চলত মুকলি

 07/14/2019 - 19:46

লখিমপুৰঃ নদী দ্বীপ মাজুলীত বৰ্তমানেও অব্যাহত আছে বানৰ বিভীষিকা৷ বানৰ তাণ্ডৱৰ মাজতেই নিৰাপদ স্থান বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা পাঁচটাকৈ দুৰ্লভ প্ৰজাতিৰ সুগৰ হৰিণ আৰু দল হৰিণ যোৱা দুদিনত লখিমপুৰৰ দুলুং বনাঞ্চলত মুকলি কৰি দিয়া হয়।

মাজুলী বন সংমণ্ডলৰ অধীনৰ বামুন গাঁও, মাজগাঁও আৰু পোহাদীয়া অঞ্চলৰ পৰা ৰাইজৰ তৎপৰতাত হৰিণকেইটা উদ্ধাৰ কৰি মাজুলী বন সংমণ্ডলৰ বিষয়া অতুল দাসৰ নেতৃত্বত অহা বনকৰ্মীৰ দলে পথালিপাম বনখণ্ডৰ অধীনৰ দুলুং বনাঞ্চলৰ কণানদীৰ সমীপত মুকলি কৰি দিয়ে৷ বানৰ কৱলত পৰা শনিবাৰে দুটা হৰিণ আৰু আজি তিনিটাকৈ হৰিণ বনাঞ্চলখনত মুকলি কৰি দিয়া হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।