মাৰ্ঘেৰিটাঃ সদ্য প্ৰয়াত লোকবাদ্য শিল্পী অভিযান গগৈৰ মাৰ্ঘেৰিটা মাকুমকিল্লাস্থিত নিজা বাসগৃহত আজি এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ পেপা, গগনা, টোকাৰী আৰু ঢোলৰ নিৰ্মাতা তথা অঞ্চলটোৰ সাংস্কৃতিক যুৱ কৰ্মী সদ্য প্ৰয়াত অভিযান গগৈৰ স্মৃতিত আজি আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা স্মৃতিচাৰণ অনুষ্ঠানৰ আঁত ধৰে নিতুল গগৈয়ে৷ স্মৃতিচাৰণ সভাত প্ৰয়াত অভিযান গগৈৰ স্মৃতিত এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনিল গুৰুঙে৷ এই অনুষ্ঠানতেই শিক্ষয়িত্ৰী নিকুঞ্জ শইকীয়া, শিক্ষক বিষ্ণু কোঁৱৰ, সাংবাদিক মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰসান্ত গগৈ, সামাজিক কৰ্মী অদিত গগৈ সহ কেইবাজনো অতিথিয়ে অভিজান গগৈৰ স্মৃতিত বক্তব্য প্ৰদান কৰে৷
সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত লোকবাদ্য শিল্পী অভিযান গগৈয়ে মাৰ্ঘেৰিটা অঞ্চলটোৰ লোকবাদ্য তথা অসমীয়া সংস্কৃতিৰ পথাৰ খনক শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা কৰিছিল নিশ্চিত ভাৱে মাৰ্ঘেৰিটা মহকুমাৰ ৰাইজে তেখেতক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰঙে কয় যে, সাহিত্য সভাৰ মঞ্চৰ জৰিয়তে প্ৰয়াত অভিজান গগৈৰ স্মৃতি ধৰি ৰখাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
উল্লেখ্য যে ৪জুলাই তাৰিখে ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত নাৰ্চিংহোমত জাপানীজ এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰী তথা উদীয়মান লোকবাদ্য শিল্পী অভিযান গগৈৰ অকাল মৃত্যু হয়৷ পত্নী আৰু এগৰাকী কণমানি কন্যাক এই সংসাৰত এৰি যোৱা গগৈৰ বিয়োগত মাৰ্ঘেৰিটা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে তেখেতৰ শুভাকাংক্ষী আৰু গুণমুগ্ধসকলৰ মাজত যথেষ্ট শোকৰ ছাঁ পেলাইছে৷ আজিৰ সভাত উপস্থিত ব্যক্তি সকলে গগৈৰ বিয়োগে অঞ্চলটোৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে৷ আজিৰ সভাত মাৰ্ঘেৰিটা মহকুমাৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ সহযোগত অভিযান গগৈৰ শিল্প কৰ্মক জীয়াই ৰখাৰ বাবে পদক্ষেপ হাতত লবৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগে যাতে এনে প্ৰতিভাক অকালতে শেষ কৰি নিনিয়ে তাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷