হোজাইঃ হোজাই আৰক্ষীৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ উৎপাত বৃদ্ধি পাইছে। হোজাইৰ বৰবহাত নিশা এখন হোটেল আৰু এখন মাদ্ৰাছাৰ বাকচত লুটপাট চলায় চোৰৰ এটা দলে। বৰবহাৰ মাজ মজিয়াত অৱস্থিত ৰাধা কৃষ্ণা চুইট হোটেলখনৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ৮০ হাজাৰ টকা। পিছফালৰ দৰ্জাৰ হুক ভাগি ভিতৰত প্ৰৱেশ কৰিছিল চোৰৰ দলটোৱে।
মিণ্টু ৰায় নামৰ গৰাকীজনৰ হোটেলখনৰ টকাৰ বাকচ ভাঙি ৮০ হাজাৰ টকা লৈ যায় চোৰৰ দলটোৱে। হোটেলখনত চাৰিটাকৈ চিচি টিভি কেমেৰা থকাৰ কথা গম পাই চিচি টিভিৰ ডিভাইচ কাটি লৈ যায় চোৰৰ দলটোৱে। আনফালে বৰবহা বজাৰত অৱস্থিত ৮২ নম্বৰৰ জয়নগৰ মাদ্ৰাছাৰ বাকচত লুট পাট চলায় চোৰৰ দলটোৱে। বিগত দিনৰ পৰা চোৰৰ এনে দপদপনিয়ে নিদ্ৰা হৰণ কৰিছে বৰবহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ গৰাকীসকলৰ।
বৰবহা ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহত মাহৰ মূৰে মূৰে চোৰে এনেকৈ চলাই আহিছে লুট-পাত। সঘনাই এনেদৰে চুৰি হোৱা কাৰ্য্যই এতিয়া চিন্তিত কৰি তুলিছে বৰবহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মালিকসকলক। আৰক্ষীয়ে তদন্ত চলাই আছে যদিও আজিলৈ এজনো চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।