বিলাসীপাৰাত আজমলৰ নিৰ্বাচনী প্ৰচাৰ

 03/24/2019 - 14:43

ধুবুৰী: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰপৰায়ে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাৰ মুখত এটা শব্দ উচ্চাৰিত হৈছে, সেয়া হৈছে গোপন মিত্ৰতা। আচলতে কাৰ লগত কোনে কৰিলে সেই গোপন মিত্ৰতা।

আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ শালটাৰীত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ আজমলে কয় যে, সকলোৱে তেওঁৰ সৈতে গোপন মিত্ৰতা কৰিবলৈ ভয় কৰে।

পিছে আজমলৰ মতে, আগন্তুক নিৰ্বাচনত দেশত বিজেপি বিৰোধী চৰকাৰ গঠন কৰিব। ধুবুৰী, কৰিমগঞ্জ আৰু বৰপেটা লোকসভা সমষ্টিত নিজ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলিও আজমলে জানিবলৈ দিয়ে। লগতে দিল্লীৰ মহাজোঁট বন্ধনত অংশগ্ৰহণ কৰিব সাংসদ গৰাকীয়ে।

ইফালে, আজি সন্ধিয়া চৰাঞ্চলৰ গুটিপাৰা গাদুৰ হাটতো এখন সভাত অংশ গ্ৰহণ কৰে আজমলে। সভাৰ শেষত আজমলে তেওঁৰ বিৰুদ্ধে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ কোনো এগৰাকী নেতাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে, আজমলে আজি চাৰিখনকৈ সভাত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।