গহপুৰঃ গহপুৰত দিনক দিনে ভয়ংকৰ ৰূপ লৈছে বানপানীয়ে। সকলো ফালে কেৱল হাহাকাৰ পৰিস্থিতি, বন্যাৰ্তৰ আৰ্তনাদ। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। ঘৰখন বানে থানবান কৰি পেলোৱাত সাহায্য শিবিৰত শতাধিক পৰিয়ালৰ বিননি। তেনে সময়তে বাকৰিদলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাঠকলা গাঁৱৰ এগৰাকী মহিলাৰ মৃত্যুৱে বিৰাজ কৰিছে অঞ্চলটোত শোকৰ ছাঁ।
মহিলাগৰাকীৰ নাম ফুলমতী দাস (৫০)। শনিবাৰে পানীৰ ভয়াবহ পৰিস্থিতিৰ মাজতেই হঠাৎ অসুস্থ হৈ পৰে আৰু যোৱা ৰাতি ১১ বজাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় ফুলমতী দাসে। সাগৰ সদৃশ বানৰ ভয়াবহ পৰিস্থিতি সহিব নোৱাৰি উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যুক আঁকোৱালি ল'ব লগা হোৱা ঘটনাই অঞ্চলটোৰ সকলোকে মৰ্মাহত কৰি তুলিছে।
কিয়নো উক্ত অঞ্চলৰ বান পৰিস্থিতি অত্যন্ত ভয়াবহ। সমাধিস্থ কৰিবৰ বাবে ওখ ঠাইৰ অভাৱৰ বাবে নাৱেৰে কিছু দূৰ মৃতদেহটি নি এখন সৰু গাড়ীৰ সহায়েৰে ঘৰৰ পৰা ২০ কিঃমিঃ দূৰৈৰ গমিৰি শ্মশান ঘাটলৈ পৰিয়ালৰ লোকে লৈ যায়।