গোৰেশ্বৰঃ ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বানৰ তাণ্ডৱ| বাক্সা জিলাৰ কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে| পুঠিমাৰী, দেওচুঙা, শুক্লাই নৈৰ বাঢ়নী পানীয়ে বুৰাইছিল দহ খনতকৈ অধিক গাঁও৷ কেইবাখনো গাঁৱৰ বাসগৃহ, খেতিপথাৰ প্লাবিত কৰাৰ ফলত হাহাকাৰ সৃষ্টি হৈছিল| ভূটান পাহাৰৰ পৰা বৈ অহা শুক্লাই, পুঠিমাৰী নৈৰ বাঢ়নি পানীৰ ফলত চেনীগাঁও, ঔবাৰী, বাঙলীপাৰা, উপৰখুঁটি, দেওচুঙা আদিকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহ জলমগ্ন হৈ পৰে।
তাৰ পিছতে বানাক্ৰান্ত লোকৰ মাজত দেখা দিছিল বহুতো অভাৱ| এই খবৰ প্ৰতিবিম্ব লাইভত প্ৰচাৰ কৰাৰ পাছতে আগবাঢ়ি আহিছে গুৱাহাটীৰ ৰাম কৃষ্ণ মিছন আশ্ৰমৰ একাংশ লোক৷ বাঙালীপাৰা, নিজকুছলা, তামুলপুৰকে ধৰি বিভিন্ন ঠাইত বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰিছে চিৰা, গুড়, ব্লেছিং পাউদাৰ, কাপোৰ, আঠুৱা, গাখীৰ, বিভিন্ন সামগ্ৰী৷ অঞ্চলটোত বহুকেইটা পৰিয়ালৰ ঘৰ সম্পত্তিৰ লগতে খেতি-বাতিসমূহ বালিৰে পুতি পেলোৱাত দিক-বিদিক হেৰুৱাইছে কৃষকসকলে|