গৌৰীপুৰঃ গৌৰীপুৰত গদাধৰ নৈৰ সংহাৰী বানত এখন কাঠৰ দলং যি কোনো মুহূৰ্ততে নৈৰ সোঁতে উটুৱাই লৈ যোৱাৰ আশংকাত সাহেবঞ্জৰ লালকুৰা গাঁৱৰ প্ৰায় দহ হেজাৰ লোকে আতংকিত হৈ পৰিছে৷ সাহেবগঞ্জ পৰা লালকুৰা লৈ যোৱা ফকৰ উদ্দিন আলী নামাকৰণ আঁচনিৰ অধীনত দলং সংযোগী গড়কাপ্টানি পথটো ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা পথটোৰ দুৰ্নীতি সংঘটিত হোৱাৰ ফলত দলংখন ভাঙি যোৱাৰ কথাও ৰাইজে অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য যে প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে উক্ত দলং সংযোগী পথটো যোৱা ০১/১২/২০১৫ তাৰিখে গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে আধাৰশিলা স্থাপন কৰে যদিও আজি পৰ্যন্ত সমাপ্ত নহ’ল কাম। তিনি বছৰ পাৰ হৈ যোৱাৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ।
তাকে লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে লালকুৰা অঞ্চলৰ বিভিন্ন ঠাই বানৰ কবলত। কিন্তু চৰকাৰী কৰ্তৃপক্ষই বানাক্ৰান্ত লোকসকলৰ কোনো ধৰণৰ খা-খবৰ লোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।