নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী সোণোৱাল

 07/15/2019 - 18:59

নলবাৰীঃ নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হৈ বুজ ল’লে বানপীড়িতৰ। আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিল চৰকাৰে সকলো প্ৰকাৰে বানাক্ৰান্তক সহযোগ কৰাৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে নলবাৰী সৰিয়হতলীৰ বালভবন হাইস্কুল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। ৰাজ্যত ভয়াবহ ৰূপ লোৱা সংহাৰী বানত ককবকোৱা প্ৰতিগৰাকী বানাক্ৰান্তক চৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি৷

আনকি অসমৰ বান সমস্যাক কেন্দ্রীয় চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীলৈ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি থকা অবস্থাত খোদ দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীলৈ টেলিফোন কৰি বান পৰিস্থিতিৰ খবৰ লোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

নলবাৰী জিলাৰ বালভবন হাইস্কুল আশ্ৰয় শিৱিৰৰ বানাক্ৰান্তসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতে জিলাখনৰ কেইবাটাও বানপীড়িত অঞ্চলৰ বুজ লয়। মুখ্যমন্ত্ৰীৰ লগত বানাক্ৰান্তৰ কাষত উপস্থিত হয় মন্ত্ৰী তপন গগৈ, ভৱেশ কলিতা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, বিধায়ক নাৰায়ণ ডেকা আৰু অশোক শৰ্মা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।