গোগামুখঃ সমগ্ৰ ৰাজ্যতে এতিয়া কালৰূপী বানপানীৰ তাণ্ডৱ৷ বানত সৰ্বহাৰা হৈছে বানাক্ৰান্ত ৰাইজ৷ সৰ্বতে হাহাকাৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিছে বানাক্ৰান্ত ৰাইজে৷ ধেমাজি জিলাখনৰ ভিতৰতে গোগামুখত সৰ্বাধিক পৰিয়াল বানৰ কৱলত পৰিছে৷ বিগত কেইবাদিনো অৰুনাচল পাহাৰত নেৰানেপেৰাকৈ দি থকা মুষলধাৰ বৰষুনৰ ফলত ফেনে ফুটুকাৰে উফন্দি বাঢ়ি আহিছে ন নদী, কুমটীয়া নদীৰ জলপৃষ্ঠ আৰু বুৰাই পেলাইছে গোগামুখৰ ন পুৰনি বহু গাঁও৷ কৃষি ভূমিৰ কোনো চিনমোকাম নাইকিয়া হ’ল এই প্ৰলয়কাৰী বানত৷ পশুধনে কামোৰ মাৰিবলৈ বন পাতৰো অভাৱ৷
বানাক্ৰান্ত ৰাইজক জিলা প্ৰশাসনৰ ফালৰ পৰা মাত্ৰ তিনিদিনৰ বাবে চাউল, দাইল, নিমখ দি হাত সাৰিলে৷ তাক লৈ বানাক্ৰান্ত ৰাইজ মুঠেই সন্তুষ্ট নহয় কিয়নো বানপানীৰ কৱলত যোৱা দুই সপ্তাহ দিন ধৰি বিভীষিকাময় দিন পাৰ কৰা ৰাইজক মাত্ৰ তিনিদিনৰ বান সাহাৰ্য দি পাল মাৰিছে চৰকাৰ আৰু প্ৰশাসনে৷ বানাক্ৰান্ত ৰাইজৰ নাজল নাথল অৱস্থা লক্ষ্য কৰি গোগামুখ আছুৱে বিতৰণ কৰে সাহায্য৷
হাতে হাতে বিস্কুটৰ কাৰ্টুন, পানীৰ বটল লৈ বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে আজি গোগামুখৰ লতাক, বেৰভঙা, বৰদৈ, বেৰভঙা আদি অঞ্চলৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালক বিতৰন কৰে৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যুগল কৃষ্ণ ফুকন আৰু সম্পাদক অৰ্নিবান শইকীয়াৰ নেতৃত্বত যোৱা বিশ জনীয়া দলটিয়ে বানাক্ৰান্তৰ মাজত এই লঘু বান সাহাৰ্য বিতৰন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ মনৰ বুজ লয়৷