ডবকাত বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ

 07/16/2019 - 15:58

ডবকাঃ যমুনা, কপিলী আৰু নিখাৰী নৈৰ ভয়াৱহ বানত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ২১ খন গাঁও ডুব যোৱাৰ লগতে কেইবা হাজাৰ লোক আক্ৰান্ত হয়৷ চৰকাৰী হিচাপ মতে ২৬১ টা পৰিয়ালে শিবিৰত আশ্ৰয় লৈছে৷ বানৰ সংহাৰত বন্যাৰ্তই হাহাকাৰ কৰাৰ সময়ত এইসকলৰ কাষত গৈ থিয় দিলে ডবকাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে৷

আজি অনুষ্ঠানটোৱে বান সাহায্য লৈ ডবকা ৰাজহ চক্ৰৰ চাৰ্কোলৰ ভিতৰুৱা গাঁৱৰ বানাক্ৰান্তৰ কাষত গৈ থিয় দিয়ে৷ চাউল, চিৰা, চেনী, দাইল, নিমখ আদিৰ একোটাকৈ খাদ্যৰ টোপোলা প্ৰতিগৰাকী আক্ৰান্ত পৰিয়ালৰ হাতত তুলি দিয়ে সমাজসেৱী সংস্থাটোৱে৷ এই সাহায্য বিতৰণ অভিযানৰ নেতৃত্ব দিয়ে সংস্থাটোৰ সাধাৰণ সম্পাদক জাহানাৰা বেগম চৌধুৰীয়ে৷ সংস্থাটোৰ এই বদান্যতাক শলাগ লয় বানত আক্ৰান্ত লোকসকলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।