জামুগুৰিহাটঃ জামুগুৰিহাটৰ টৌভঙা গড়বিলৰ এখন পথাৰৰ মাজত মঙ্গলবাৰে পুৱা উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ পোৱালীৰ মৃতদেহ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হয়তো পানী হোৱাৰ বাবেই জাকৰ মাজত আহি মৃত্যুক আঁকোৱালি লয় হাতীপোৱালিটোৱে৷ বয়স আনুমানিক ৩ বছৰ বুলি জানিব পৰা গৈছে৷ পুৱাই স্থানীয় ৰাইজে মৃত হাতীপোৱালিটোক প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীৰ লগতে দীপলোঙা বনাঞ্চলিক বিষয়াক অৱগত কৰায়৷
ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু বনবিভাগে মৃত হাতী পোৱালিটো পথাৰৰপৰা নাতিদুৰৰ ওখ স্থানলৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰে৷ অৱশ্যে এই পৰ্য্যন্ত বনৰীয়া হাতী পোৱালিটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে বাৰিষাৰ বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা বন্যহস্তীৰ জাকে জামুগুৰিহাটৰ বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় বিচাৰি উপদ্ৰৱ চলোৱা আৰম্ভ কৰিছে৷