পবিত্ৰ গুৰু পূৰ্ণিমা উপলক্ষে উত্তৰ গুৱাহাটী পৰিবেশ সুৰক্ষা সমিতিৰ গছপুলি ৰোপণ

 07/16/2019 - 17:09

উত্তৰ গুৱাহাটীঃ পৰিবেশ সুৰক্ষা সমিতি আৰু স্বোৱান এছচিয়েছনৰ সহযোগত আজি পবিত্ৰ গুৰু পুৰ্ণিমা উপলক্ষে শিলসাকোঁস্হিত জিএমডিএ চুইমিং পুল চৌহদত গছ পুলি ৰোপন কাৰ্যসূচী পালন কৰা হয়৷ অনুষ্ঠানত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ তাৰিণী কান্ত হালৈ, জেষ্ঠ সাংবাদিক মুনিন ডেকা, সমাজকৰ্মী কুলেন বড়ো, ৰঞ্জন শৰ্মা, গজেন বৰা, সাঁতোৰ প্ৰশিক্ষক দ্বয় লম্বোধৰ ডেকা আৰু প্ৰশান্ত দাসৰ লগত বহু সংখ্যক গন্যমান্য পুৰুষ মহিলা লগতে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে ভাগ লয়।

উত্তৰ গুৱাহাটী পৰিবেশ সুৰক্ষা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে অনুষ্ঠানত সহযোগিতা আগবঢ়াই সফল কৰি তোলাৰ বাবে উপস্থিত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। লগতে গছ পুলি ৰোপন অনুষ্ঠানৰ জৰিয়তে উত্তৰ গুৱাহাটী অঞ্চলত পৰিবেশ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি নিৰন্তৰ গছ পুলি ৰোপন আৰু সংৰক্ষণ কাৰ্যসূচী চলাই যোৱা সংকল্পবদ্ধতাৰ কথা দোহাৰে। উত্তৰ গুৱাহাটী পৰিবেশ সুৰক্ষা সমিতিয়ে ৰাজহুৱা স্থানৰ লগতে কোনো ব্যক্তিয়ে নিজা মাটিত গছপুলি ৰোপণ কৰিবলৈ আমন্ত্ৰণ জনালে সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।