নাজিৰাঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে বিভিন্ন সামাজিক কায্যাৱলীৰ ভিতৰত মাদক দ্ৰব্য বিৰোধী অভিযানৰ অংশ ৰূপে নাজিৰা মহকুমাৰ ১৫ খনতকৈ অধিক বিদ্যালয় তথা কনিষ্ঠ মহাবিদ্যালয়ত ৩০০০ ৰো অধিক ছাত্ৰ ছাত্রী ৰ মাজত 'মাদক দ্ৰব্য নিবাৰণী সজাগতা' অনুষ্ঠান তথা শপতগ্রহণৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে দিল্লীত অৱস্থিত 'Sambandh Health Foundation' আৰু 'Assam Cancer Care Foundation' ৰ পৰা এইবাৰ এই মহাবিদ্যালয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
এই কাৰ্যসূচী ত জ্ঞানতৃষা ফুকনে Social Control Leader আৰু দীপজ্যোতি গোৱালাই Tobacco Control Leader Badge পাবলৈ সক্ষম হোৱাৰ লগতে ২ জনে champion badge আৰু ১১ জনে Warrior Badge পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক ড০ ৰিমঝিম বৰাৰ তত্ত্বাবধানতাত এই মহাবিদ্যালয়ৰ স্বেচ্ছাসেবক- স্বেচ্ছাসেবিকা সকলে বিভিন্ন ধৰণৰ সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এনে সফলতাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই সন্তোষ প্রকাশ কৰে আৰু সমন্বয়ক ড০ ৰিমঝিম বৰাৰ লগতে সমূহ স্বেচ্ছাসেবক-স্বেচ্ছাসেৱিকাক অভিনন্দন জ্ঞাপন কৰে।