মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অসম চৰকাৰৰ খাদ্য, যোগান আৰু অসামৰিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ফনীভূষন চৌধুৰীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে উপস্থিত হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী চৌধুৰীয়ে জিলা উপায়ুক্ত জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, বিধায়ক ডাঃ মতিউৰ ৰহমান, প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাভেদ ইছলামক লগত লৈ ভাৰত-বাংলাদেশ সীমান্তৰ আসামেৰ আলগাৰ গৰাখহনীয়াত জাহ যোৱা সীমান্ত পথ পৰিদৰ্শন কৰে।
মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী-শিশুমাৰা সীমান্ত পথ সংযোগী পথ পৰিৰ্দশন কৰি মন্ত্ৰী ফনীভূষন চৌধুৰীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ আসামেৰ আলগাৰ বানে বিচ্ছিন্ন কৰা সীমান্ত পথ আৰু কাইটীয়া তাঁৰৰ বেৰ পৰিদৰ্শন কৰে। আনকি মন্ত্ৰী চৌধুৰীয়ে বিচ্ছিন্ন সীমান্ত পথ আৰু কাইটীয়া তাঁৰৰ বেৰ সন্দৰ্ভত বি এছ এফৰ বিষয়াৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। তাতে মন্ত্ৰী ফনীভূষন চৌধুৰীয়ে সদৰী কৰে যে বিচ্ছিন্ন ১৫০ মিটাৰ সীমান্ত পথ, কাইটীয়া তাঁৰৰ বেৰৰ মেৰামতি আৰু দুই এদিনতে বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ বান সাহায্য আগবঢ়াব।