দলগাঁও: দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত ছাত্ৰ নেতা এজনৰ বিতৰ্কিত অডিঅ' বাৰ্তা এটাক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা লাভ কৰিছে খাৰুপেটীয়া অঞ্চলত৷ যোৱা দুদিনৰ পৰা এটা অডিঅ' বাৰ্তা ব্যাপকভাৱে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাত মহাবিদ্যালয়খনত নামভৰ্তি কৰাক লৈ একাংশ ছাত্ৰ নেতা জৰিত আছে নেকি বুলি একাংশৰ মনত প্ৰশ্নৰ উদয় হৈছে৷ অডিঅ' ক্লিপটোত খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আফতাব নামৰ সহকাৰী সম্পাদকজনে ছাত্ৰ এজনক মহাবিদ্যালয়ত নামভৰ্তি কৰাবলৈ অধ্যক্ষক পাঁচ হেজাৰ টকা আৰু ৰহমান নামৰ শিক্ষক এজনক দুই হেজাৰ টকা দিব লাগিব বুলি ছাত্ৰজনক টকাৰ বাবে দাবী জনোৱা কথাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ইপিনে মহাবিদ্যালয়খনত নামভৰ্তি সন্দৰ্ভত ভাইৰেল হোৱা এনে বিতৰ্কিত অডিঅ' সন্দৰ্ভত মহাবিদ্যালয়খনৰ শিক্ষক আব্দুৰ ৰহমানে কয় যোৱা জুন মাহতে মহাবিদ্যালয়খনত স্নাতক প্ৰথম বাৰ্ষিকৰ বাবে শিক্ষাগত অৰ্হতা ভিত্তিত প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হৈ যায় আৰু অতিৰিক্ত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ দাবীত আমছুৰ নেতৃবৃন্দৰ সৈতে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা কৰিছে৷ তেনেক্ষেত্ৰত অতিৰিক্তভাৱে গোপনে মহাবিদ্যালয়খনত নামভৰ্তিৰ কোনো কথা হ'ব নোৱাৰে বুলিও শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে৷
মহাবিদ্যালয়খনৰ বদনাম কৰিবলৈ এটা চক্ৰই এনে কাৰ্য কৰিব পাৰে বুলি শিক্ষক ৰহমানে জানিব দিয়ে৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা এই সন্দৰ্ভত থানাত এজাহাৰ দিয়াত ধূলা থানাৰ আৰক্ষীয়ে মহাবিদ্যালয়ত উপস্থিত হৈ বিষয়টো সন্দৰ্ভত তদন্ত কৰে৷ আনপিনে উক্ত ঘটনা সন্দৰ্ভত মহাবিদ্যালয় ছাত্ৰ একতা সভাই এক জৰুৰী সভাত এনে অপপ্ৰচাৰ কৰা কাৰ্যৰ বাবে আফতাব হুছেইনক ছাত্ৰ একতা সভাৰ পৰা বহিষ্কাৰ কৰে বুলি ছাত্ৰ একতা সভাৰ সভাপতি ইনামূল হক আৰু সম্পাদক জছমত আলীয়ে জানিবলৈ দিয়ে৷