বিলাসীপাৰাঃ ৰাজ্যত এতিয়াও অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ। বলিয়া বানৰ তাণ্ডৱত ধুবুৰী জিলাৰ ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ চাৰিটা পৰিয়ালৰ গৃহ উচন, শিবিৰত আশ্ৰয় লৈছে গৃহহীন বানাক্তান্তই, এসপ্তাহ ধৰি বানত ককবকাই থকাৰ পিছতো সাহায্য পোৱা নাই বানাক্তান্তই। নিজাববীয়াকৈ সাহায্য প্ৰদান পঞ্চায়ত সভাপতি হৰমুজ আলী আৰু জিলা পৰিষদ সদস্যা ফৰিদা ইয়াছমিন মিঞাৰ। সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাত বলিয়া বানে সম্প্ৰতি গৃহহীন কৰিছে হেজাৰ হেজাৰ পৰিয়ালক।কিন্তু বৰ্তমান লৈকে উক্ত গৃহহীন পৰিয়ালৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ বিৰুদ্ধে।
কি শদিয়া কি ধুবুৰী,সকলোতে কেৱল বলিয়া বানৰ তাণ্ডৱ লীলা। শেহতীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ ছুৱাপাতা চতুৰ্থ খণ্ডত আজি বলিয়া বানৰ তাণ্ডৱত চাৰিটাকৈ পৰিয়ালৰ গৃহ যাহ যোৱাৰ উপক্ৰম হৈছে। যাৰ ফলত উক্ত চাৰি পৰিয়াল ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে।ইফালে বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্তৰ মাজত চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য প্ৰদান নকৰাত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে। বানাক্ৰান্তৰ এনে হাহাকাৰ পৰিৱেশ মোকাবিলা কৰিবলৈ পঞ্চায়ত সভাপতি হৰমুজ আলী আৰু নায়েৰ আলগা জিলা পৰিষদ সদস্যা ফৰিদা ইয়াছমিন মিঞাই নিজাববীয়াকৈ বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হৈছে।