উত্তৰ গুৱাহাটীৰ যুৱ ব্যৱসায়ীৰ উদ্যোগত বান সাহায্য প্ৰদান

 07/17/2019 - 17:47

গুৱাহাটী: কেইবাদিনো ধৰি মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নদীসমূহ ফেনে-ফোঁটোকাৰে পানী বাঢ়ি অহাৰ ফলত বহু লক্ষধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথ, কৃষিভূমি জলমগ্ন হোৱাৰ লগতে বহু কেইজনৰ সলিল সমাধি হোৱা পৰিলক্ষিত হৈছে। ঠিক তেনেদৰে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ বৃহত্তৰ লেঙা অঞ্চল আৰু কামৰূপ জিলাৰ সীমাত অৱস্থিত দৰং কুৰুৱাৰ মথাউৰি চিঙি কেইবা শতাধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথৰ লগতে বহু হেক্টৰ-ভূমিৰ শালি-লাহি ধানৰ ৰোপিত কৃষিভূমি জলমগ্ন হোৱাত দৰিদ্ৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু খেতিয়কে মূৰে কপালে হাত দি বহি থকা গৈছে।

আনহাতে ঘৰত পানী সোমোৱাত বহুলোকে মথাউৰিত আশ্ৰয়লৈ থাকিবলগীয়া হৈছে। উত্তৰ গুৱাহাটীৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী জয়ন্ত বড়াৰ নেতৃত্বত এটি সঁজাতি দলে আজি লেঙা আৰু কুৰুৱাৰ বানপীড়িত লোকসকল থকা শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।সঁজাতি দলটোত সাংবাদিক মুকুটেশ্বৰ গোস্বামী, বিজেপি বেজেৰা মণ্ডলৰ সভাপতি অৰুণ বড়ো, বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি মাধৱ বড়া, মহিলা মৰ্চাৰ সম্পাদিকা মুন দাস, প্ৰাণজিৎ ডেকা, মফিজ আলী, বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সম্পাদক নয়ন কলিতা, ৰুদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ মৰমী বড়ো, শৰাইঘাট পঞ্চায়ত কাউন্সিলাৰ ৰনুমনি বেগম।

বানপীড়িত লোকসকলে বহুত কষ্টৰে, বিশুদ্ধ খোৱা পানী, ৰেচন, দৰৱ ইত্যাদিৰ অভাৱত থকাৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ২০ কাৰ্টুন, পানী, বিস্কুট ৬ কাৰ্টুন, ব্ৰেড ২৫০ টা আৰু ২০০ টা বাল্টি বানাক্ৰান্তসকলৰ মাজত বিতৰণ কৰে। দলটোৱে জানিবলৈ দিয়া মতে ইয়াৰ পাছত সমীপৱৰ্তী অঞ্চলসমূহত বান সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ উচ্চতা হ'ল ৪৯.৬৮ মিটাৰ।

১৬ জুলাইৰ আবেলি ৪ বজাত জলস্তৰ আছিল ৫১.৫৩ মিটাৰ। ইয়াৰ পাছত ১২ ঘণ্টা পানী একে স্তৰত থাকে। অৰ্থাৎ পানী বঢ়া টুটা হোৱা নাছিল। পূৱা ৪ বজাৰ পৰা পানী অলপ কমিবলৈ লৈছে। পুৱা ৭ বজাৰ চৰকাৰী তথ্য মতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৫১.১৮ মিটাৰ। নদীৰ পানী কমিছে যদিও উত্তৰ গুৱাহাটীৰ পথাৰ আৰু দ' ঠাইত থকা আবাসিক অঞ্চলবোৰৰ পানী কমা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।