খোৱাং: এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে লেজাই-কলাখোৱাৰ বানপীড়িত ৰাইজে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ সহস্ৰাধিক পৰিয়াল আজিও বানপানীৰ কবলত। নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা খেতি পথাৰ। বন্যাৰ্তৰ মাজত দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিস্থিতি। তথাপিও গা-লৰা নাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগ কিম্বা জনপ্ৰতিধিৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা হোৱাৰ সত্বেও বন্যাৰ্তৰ খবৰ লবলৈ আহৰি নাই মুখ্যমন্ত্ৰীৰ। বান সাহায্যৰ নামত বন্যাৰ্তই পাইছে মাত্ৰ ২ কেজি চাউল আৰু কেইটামান দাইল। এনেদৰেই লঘুণে ভোকে অতিবাহিত কৰিব লগা হৈছে দিন। মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা প্ৰশাসনৰ দুই এজনে বানাক্ৰান্ত ৰাইজৰ খবৰ লৈছে যদিও অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীয়ে এই মূহুৰ্তলৈকে অঞ্চলটোত আহি উপস্থিত হোৱা নাই।
উল্লেখ্য যে লেজাই-কলাখোৱাৰ বানৰ সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা। প্ৰতি বছৰে বানত সৰ্বস্বান্ত হয় অঞ্চলবাসী। স্বাধীনতাৰ ৭২ বছৰ পিছতো কোনো এখন চৰকাৰেই অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। চেঁচা নদীৰ বাঢ়নী পানী আৰু ব্ৰহ্মপুত্ৰ নদীৰ উভতনি পানীয়ে জুৰুলা কৰা এই বৃহৎ অঞ্চলটোত প্ৰয়োজন এটা ৰিংবান্ধৰ। ৰঙাগড়াৰ পৰা বৰদৈবামলৈ প্ৰায় ৭°৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিংবান্ধটো নিৰ্মাণ হ'লেই বানৰ পৰা পৰিত্ৰাণ পাব ৰাইজে।
কিন্তু এই ৰিংবান্ধটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰে হেমাহি কৰাৰ ফলতেই বানত সৰ্বস্বান্ত হ'ব লগা হৈছে ৰাইজ। এই ৰিংবান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত আছুকে ধৰি বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আজিৰ পৰা দুই বছৰ আগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰায় ৮°৫ কোটি টকাৰ ব্যয়েৰে ৰিংবান্ধটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি ৰাইজক দিছিল যদিও সেয়া আজি যেন অসাৰ প্ৰতিপন্ন হৈছে। ফলত ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ। সেয়ে ভুক্তভোগী ৰাইজে উক্ত ৰিংবান্ধটো শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।