07/17/2019 - 19:23
in
মঙলদৈঃ দৰঙৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। মঙলদৈ নৈ আৰু বেগা নৈয়ে চাৰিওফালৰ পৰা চেপি ধৰিছে মঙলদৈ চহৰক বাট-পথ, ঘৰ সকলোতে বানৰ বিভীষিকা। সাৰি যোৱা নাই মঙ্গলদৈ অসামৰিক চিকিৎসালয়খন জলবন্দী হৈ পৰিছে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ ৰোগী, ডাক্তৰ, নাৰ্চ, আৰু আত্মীয়। বানৰ কবলত চিকিৎসালয়খনৰ ১০০খন বিচনাযুক্ত মাতৃ আৰু প্ৰসূতী বিভাগ। পথত এক কঁকাল পানী।
ৰোগী, চিকিৎসক অহা যোৱা কৰিবলৈ নাই চৰকাৰী ব্যৱস্থা। উপায়ন্তৰ ৰোগী আৰু অভিভাৱকে নাও, ৰিক্সাৰ সহায়ত একঁকাল পানী ভাঙি যাব লগা হৈছে। ইফালে বানপানীৰ বাবে বিদ্যুত যোগান বন্ধ কৰি ৰখাত পানীৰ বাবে ৰোগীৰ হাহাকাৰ হৈছে। ২৪ ঘণ্টাই জেনেৰেটৰ চলাই ৰাখিব পৰা নাই কৰ্তৃপক্ষই। ফলত নিশা অন্ধকাৰত কটাব লগা হৈছে ৰোগী, নাৰ্চ, চিকিৎসক আৰু ৰোগীৰ অভিভাৱক।