ৰহা: এগৰাকী যুৱতী পঞ্চায়ত সচিবৰ মহানুভৱতা। ব্যক্তিগত এমাহৰ দৰমহাৰে খাদ্য সামগ্ৰী ক্ৰয় কৰি বিতৰণ কৰিছে বন্যাৰ্তৰৰ মাজত। যুৱতীগৰাকীৰ নাম তছলিমা শ্বেখ। ৰহাৰ আমতলা গাওঁ পঞ্চায়তৰ সচিব তছলিমাই নিজৰ দৰমহাৰ টকাৰে খোৱাপানীৰ বটল, চিৰা, বিস্কুট আদি ক্ৰয় কৰি বুধবাৰে বিতৰণ কৰে ৰহাৰ আমতলা, মাগুৰগাওঁ আদি পঞ্চায়তৰ বানাক্ৰান্তসকলৰ মাজত। ক'ৰবাত মথাউৰিত আশ্ৰয় লৈ থকা সকলৰ মাজত, ক'ৰবাত আকৌ পানী ফালি গৈ এনেদৰে বিতৰণ কৰিছে খাদ্যসামগ্ৰী। কোনোবা ঠাইত পিছল খাই ডুবিছেও। তথাপি বন্যাৰ্তৰ সকলৰ দুৰ্দশা দেখি বিতৰণ কৰিছে খাদ্য।
পঞ্চায়ত সচিব তচলিমাৰ এনে উদাৰতাই চৰ্চা লাভ কৰিছে বন্যাৰ্তৰৰ মাজত। উল্লেখ্য যে বৰপানী নদীৰ ভয়ংকৰ বানত আক্ৰান্ত ৰহাৰ মাগুৰগাওঁ, আমতলা, কমাৰগাওঁ আদি পঞ্চায়তৰ শ শ লোকে মথাউৰি আৰু ওখ ঠাইত আশ্ৰয় লৈ আছে। কিন্তু খোৱাপানী, শৌচাগাৰ আদিৰ তীব্ৰ সমস্যাত পৰিছে বানাক্ৰান্তসকল। ইপিনে এই পৰ্যন্ত কোনো চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ তুলিছে বন্যাৰ্তই। পশুধনৰো অৱস্থা নোহোৱা হৈছে। নাটনি হৈছে গৰু ছাগলীৰ খাদ্য।
মুঠতে এক কৰুণ ছবি দেখিবলৈ পোৱা গৈছে ৰহাৰ আমতলা, মাগুৰগাওঁ, কমাৰগাওঁ প্ৰমিলা আদি পঞ্চায়তৰ এইসকল বন্যাৰ্তৰৰ মাজত। তাৰ মাজতে আমতলা পঞ্চায়তৰ সচিব তচলিমাই কিছু সকাহ দিছে বানাক্ৰান্তসকলক।