অসমৰ বান সমস্যাৰ কথা সংসদৰ মজিয়াত উত্থাপন সাংসদ বদৰুদ্দিন আজমলৰ

 07/18/2019 - 12:07

ধুবুৰী: ধুবুৰী লোকসভাৰ সাংসদ মৌলনা বদৰুদ্দিন আজমলে নিজ সমষ্টিৰ বান পৰিদৰ্শন কৰি যোৱাৰ পিছত মঙ্গলবাৰে অসমৰ বান সমস্যাৰ কথা সংসদৰ মজিয়াত উত্থাপন কৰে। অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পাঁচ হাজাৰ কোটি টকাৰ পেকেজৰ দাবী কৰে সাংসদগৰাকীয়ে।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰীক অতি সোনকালে অসমৰ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।