নলবাৰী: নলবাৰীৰ বালিত এজন যুৱকৰ মৃত্যু। বানত উটি যোৱাৰ ফলত মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজন জিতুমণি হালৈ(২৫)। উল্লেখযোগ্য যে বালিত মৰা পাগলদিয়া নৈৰ সংহাৰী ৰূপৰ কথা গাঁওবুঢ়াক কলৰ ভুৰত উঠি অবগত কৰিবলৈ গৈছিল যুৱকজনে। বুধবাৰে দিনৰ প্ৰায় ১০ বজাত যুবকজন গৈছিল নিজৰ ঘৰৰ পৰা। পৰবৰ্তী সময়ত গাঁওবুঢ়াক লগ ধৰি ঘৰলৈ উভতাৰ পথত সন্ধানহীন হৈ পৰিছিল যুবকজন।
পৰবৰ্তী সময়ত বিচাৰ খোছাৰ কৰি আজি মৃতদেহ উদ্ধাৰ কৰা হয় বালি গাঁৱত। ৰং মিস্ত্ৰী হিচাপে জীবিকা নিৰ্বাহ কৰি পৰিয়ালক ভৰণ পোষণ দি আহিছিল যদিও বাঢ়নী পানীৰ কবলত মৃত্যু হয় যুবকজনৰ। যাৰ ফলত দিশহাৰা হৈ পৰিছে পৰিয়ালটো। আনহাতে যুৱকজনৰ মৃত্যুৰ খৱৰ পাই স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম আহি উপস্থিত হয় যুৱকজনৰ ঘৰত। বৰ্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনক নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।