ৰহাৰ বানাক্ৰান্ত অঞ্চলত প্ৰাদুৰ্ভাৱ ঘটিছে ৰোগৰ

 07/19/2019 - 11:32

ৰহা: ৰহাৰ বানাক্ৰান্ত অঞ্চলত প্ৰাদুৰ্ভাৱ ঘটিছে ডায়েৰিয়া, জ্বৰ, মেলেৰিয়া আদি ৰোগৰ। বৰপানী নদীৰ বানে বিস্তৰ ক্ষতিসাধন কৰা ৰহা ৰাজহ চক্ৰৰ মাগুৰগাঁও, আমতলা, কমাৰগাঁও আৰু প্ৰমিলা গাঁও পঞ্চায়তত আজিও বান পৰিস্থিতি অপৰিবৰ্তিত হৈছে। অঞ্চলটোৰ লক্ষাধিক লোক আজিও জলবন্দী হৈ আছে।

সমগ্ৰ অঞ্চলটো এতিয়াও পানীৰ তলত। এনে জলবন্দী অৱস্থাতে অঞ্চলটোত প্ৰাদুৰ্ভাৱ ঘটিছে ডায়েৰিয়া জ্বৰ আদি ৰোগৰ। অৱশ্যে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ তৎপৰতাত লাউপানী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে নাৱেৰে গৈ জলবন্দীৰ কাষলৈ গৈ চিকিৎসা চলাইছে আৰু ঔষধ, অ' আৰ এছ আদি যোগান ধৰিছে।

বিধায়কগৰাকীয়েও পৰিস্থিতি পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। কিন্তু জলবন্দীসকল তীব্ৰ খাদ্য সংকটত পৰিছে যদিও বৃহস্পতিবাৰলৈকে বন্যাৰ্তই কোনো চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।