গোৰেশ্বৰ: বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিচকুচুলাৰ জগতচুবুৰীৰ বানক্ষতিগ্ৰস্থসকলৰ মাজত বাক্সা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বান সাহায্য বিতৰণ৷ বাক্সা জিলাৰ আৰক্ষী অধীক্ষক টি পি বিজয় কুমাৰ আৰু গোৰেশ্বৰস্থিত ১০ম বেটেলিয়নৰ অ’চি প্ৰশান্ত সিনহাৰ নেতৃত্বত বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰা হয়৷ উল্লেখ্য যে ভাৰত ভূটান সীমান্তৰ পৰা জিলাখনৰ মাজেৰে বৈ যোৱা পুঠিমাৰী, দেওঁচুঙা, শুক্লাই নৈৰ বাঢ়নী পানীয়ে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেনীগাঁও, বড়িগাঁও, বাঙালীপাৰা, অম্বৰিশ নগৰ, দেওচুঙা, বৰপথাৰ, মোকালডোঙা, নিজকুচুলা আদিকে ধৰি পোন্ধৰখনতকৈ অধিক গাঁৱত বলীয়া বানে বিভীষিকাৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ শ-শ পৰিয়ালৰ বাসগৃহ, বিস্তৃত কৃষিভূমি জলমগ্ন কৰি তুলিছিল।
ইপিনে কেইবাদিনো ধৰি বানৰ তলত আছিল নিচকুচুলাৰ জগতচুবুৰীবাসী৷ উক্ত অঞ্চলটোত আজি বাক্সা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে বোকা পানী গচকি কলৰ ভুৰত উঠি চুবুৰীবাসীক সাহায্য বিতৰণ কৰে৷ বাক্সা আৰক্ষী অধীক্ষক আৰু গোৰেশ্বৰস্থিত অৰ্ধ সামৰিক বাহিনীৰ অ’চিয়ে নিজাববীয়াকৈ একোখনকৈ ট্ৰিপাল আৰু খাদ্য সামগ্ৰী আদি বন্যাৰ্তসকলৰ মাজত বিতৰণ কৰে৷