কামপুৰ: কামপুৰ তেতেলিসৰাৰ এজন মেধাৱী ছাত্ৰৰ কৰুণ কাহিনী৷ উচ্চ শিক্ষা গ্ৰহণৰ সময়তে ভোগীবলগা হৈছে দুৰাৰোগ্য ৰোগত৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা এইজন মেধাৱী ছাত্ৰ পল্লৱ দাস৷ ছাত্ৰজনৰ দুয়োটা কিডনী বিকল হোৱাত এতিয়া বিচনাৰ সংগী হৈ পৰিছে ছাত্ৰজন৷ পিতৃ-মাতৃয়ে পাৰ্যমানে চিকিৎসা কৰাইছে যদিও সুস্থ হোৱা নাই ছাত্ৰজন৷ ছাত্ৰজনৰ চিকিৎসাৰ বাবে এতিয়া কেইবা লাখ টকাৰ প্ৰয়োজন৷
পুত্ৰৰ চিকিৎসাৰ বাবে ধন বিচাৰি দিকবিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে৷ চকুপানী টুকি ছাত্ৰজনৰ মাতৃৰ কাতৰ আহ্বান চৰকাৰ তথা ৰাইজলৈ৷ মেধাৱী ছাত্ৰজনৰ জীৱন ৰক্ষাৰ বাবে বৰ্তমান সহায়ৰ প্ৰয়োজন৷ নহ'লে কলিতেই মৰহি যাৱ উঠি অহা এটি মেধাৱী ছাত্ৰ৷ ছাত্ৰজনক কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে এচ বি আই কামপুৰ শাখা 31844014683 নম্বৰৰ একাউণ্টত (IFSC SBIN0011608) আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰিব৷ লগতে 9954978468 আৰু 8638784525 নম্বৰত যোগাযোগ কৰিব পাৰিব৷