৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান: ব্যৱসায়ীসহ লক্ষাধিক টকাৰ হিৰোইন জব্দ

 07/19/2019 - 13:48

বিজনী: চিৰাঙৰ বিজনীৰ দহলাপাৰাৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিত্যক্ত টোলগেটত বিজনী আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে নিশা ৫ জনকৈ ড্ৰাগছ ব্যৱসায়ীসহ লক্ষাধিক টকাৰ হিৰোইন জব্দ কৰে। ব্যৱসায়ী ৫ টা ক্ৰমে তপন শীল, বিজু ব্ৰহ্ম, মিথিংগা নাৰ্জাৰী, হেমৰাজ ব্ৰহ্ম, মৈখম বসুমতাৰী। লক্ষাধিক টকা মূল্যৰ হিৰোইন, নগদ ১৫ হাজাৰ টকা, ৫৮ টা নিচাযুক্ত টেবলেট, শতাধিক খালী কণ্টেনাৰ, ২টা চিৰিঞ্জ, ৬ টা ম'বাইল হেণ্ডছেটসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

সৰবৰাহকাৰী ৫ টাৰ পৰা AS-01BE 8514 নম্বৰৰ এখন এল্টো, AS-19K-5991 নম্বৰৰ এখন য়ামাহা মটৰ চাইকেলো জব্দ কৰে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।