ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ বিশ্ববিদ্যালয় ছাত্র সমাজৰ প্ৰতিক্ৰিয়া

 07/19/2019 - 21:05

ডিজিটেল ডেস্কঃ উজনি অসমৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই বৰ্ষৰ নামভৰ্ত্তিৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন বিভাগ আৰু কেন্দ্ৰসমূহত অধিক মাচুল বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সমাজো। নামভৰ্তিৰ বাবে নিৰ্ধাৰিত মাচুলৰ তালিকা ওলোৱাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে স্মাৰক পত্ৰ প্ৰদান কৰিছে৷

এনে ব্যৱস্থা বাহাল থাকিলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বিশ্ববিদ্যালয় আছু গোটে। উজনি অসমৰ এই বিশ্ববিদ্যালয়খনত ৫০ শতাংশতকৈ অধিক ছাত্ৰ-ছাত্ৰী ব্যক্তিগত ছাত্ৰবাসত বাস কৰিব লগাটো পৰিতাপৰ বিষয়। এইখন বিশ্ববিদ্যালয়ত প্ৰায় ৩০০ শিক্ষকৰ পদ খালি আছে যদিও আজিলৈ পূৰণ কৰিব পৰা নাই।

এনে পৰিস্থিতিৰ বাবে সচেতন ৰাইজ চিন্তিত হৈছে। লগতে এক সূত্ৰৰ পৰা জানিব পৰা মতে মাচুল বৃদ্ধিৰ ক্ষেত্ৰত ছাত্ৰ একতা সভাৰ সমৰ্থন আছে। ছাত্ৰ একতা সভাৰ এনে স্থিতিক ছাত্ৰ সমাজে ধিক্কাৰ দিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।