ডিজিটেল ডেস্কঃ ৰাজ্যৰ কেইখনমান জিলাত বান পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পাইছে যদিও দঃশালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ ঝগৰাৰ চৰ গাঁও পঞ্চায়তত বানপানীৰ পৰিস্থিতি অপৰিবৰ্তনীয় হৈ আছে৷ যাৰ ফলত এই অঞ্চলৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ বিগত ৮/১০ দিন ধৰি বানৰ কৱলত পৰি ককবকাই আছে বন্যাৰ্ত৷
পানীৰ কৱলত পৰি ঘৰ-দুৱাৰ এৰি ৰাস্তাত আশ্ৰয় লৈ আছে বন্যাৰ্তসকল৷ বন্যাৰ্তৰ নাই খোৱাৰ ব্যৱস্থা, নাই থাকিবলৈ ঠাই৷ এই পৰিস্থিতিত দেখি বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ালে দুজন সাধাৰণ ৰাইজে৷ ঝগৰাৰ চৰ গাঁও পঞ্চায়তৰ ডাহেৰ গাঁৱৰ আমিৰুল ইছলাম আৰু মনজিল হকে নিজা গাঁঠিৰ ধন ভাঙি বানাক্ৰান্তৰ ৰাইজৰ বাবে শিৱিৰ পাতি থাকিবলৈ পলিথিন পেপাৰ, দমকল আৰু খাবলৈ চিৰা-মুড়ি আদি বিতৰণ কৰা কাৰ্য্যই অঞ্চলটোত ব্যক্তি দুজন চৰ্চিত হৈ পৰিছে৷
আজি কেইবাদিনো ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা তাণ্ডৱৰ পাছতো আজিকোপতি কোনো চৰকাৰী সাহায্য নোপোৱাত শিবিৰসমূহত মানুহ আৰু জীৱ-জন্তুয়ে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। বহু শিবিৰত এতিয়াও মুক্ত আকাশৰ তলত থাকিবলগীয়া হৈছে বন্যাৰ্ত। বানাক্ৰান্তৰ অভিযোগ মতে এতিয়ালৈকে চৰকাৰী সহায় সাহায্যৰ পৰা বঞ্চিত হৈ আছে৷