মৰাণত পথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাতত মহিলাৰ মৃত্যু

 07/20/2019 - 14:14

মৰাণঃ চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মৰাণ দিৰৈ ৰাঙলি অঞ্চলৰ বালিখুটি নামৰ এখন গাঁৱত শাওনৰ পথাৰত ভূঁই ৰুই থকা অৱস্থাত শুকুৰবাৰে দিনৰ প্ৰায় ১০ বজাত বজ্ৰপাতত সংগীতা মিলি নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দিনৰ ১২.৩০ বজাত মৃত্যুক সাৱটি লয় হয় দ্বিপেন মিলিৰ পত্নী সংগীতা মিলিয়ে। সংগীতা মিলিয়ে মৃত্যুৰ সময়ত স্বামী আৰু এটি পুত্ৰ সন্তান এৰি থৈ যায়।

এই আকস্মিক ঘটনাটোয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।