হামৰেণঃ জি’অ টাৱাৰৰ নামত ঠক-প্ৰৱঞ্চনাৰ বলি হ’ল এজন চৰকাৰী গাঁওবুঢ়া৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম আৰক্ষী চকীৰ অন্তৰ্গতস্থিত পুৰণা ঘিলানীৰ এইজন চৰকাৰী গাঁওবুঢ়াক এক টেলিফোনিক বাৰ্তাত কথা-বতৰা পতাৰ পাচত বৈধ নথি-পত্ৰসমূহ অনলাইনযোগে প্ৰেৰণ কৰিব কোৱাত গাঁওবুঢ়াই নথি-পত্ৰ সমূহ প্ৰেৰণ কৰে৷ ইয়াৰে কিছু দিনৰ পাচত গাঁওবুঢ়ালৈ পুনৰ প্ৰৱঞ্চক ৰমজান আলীয়ে ফোন কৰি চাৰ্ভিচ চাৰ্জৰ বাবদ নগদ ৭৫০০(সাত হাজাৰ পাঁচ শ) টকা বিচাৰে।
সহজ-সৰল গাঁওবুঢ়াজনে দুটা কিস্তিত নগাঁও জিলাৰ কামপুৰস্থিত এচ বি আই’ত ৰমজান আলীৰ নামত থকা একাউন্ট নম্বৰ ৩৭২৮৫৭৪২৮৭৪ নম্বৰত ৬ হাজাৰ টকা হস্তান্তৰ কৰা পাছৰে পৰা আজি পৰ্যন্ত প্ৰৱঞ্চক ৰমজান আলীৰ মবাইল ফোনটোৰ চুইছ বন্ধ পোৱাৰ উপৰিও আজি প্ৰায় দুমাহে চৰকাৰী গাঁওবুঢ়া ৰবিছিং বৰদলৈয়ে প্ৰৱঞ্চক ৰামজানক বাৰম্বাৰ ফোন কৰি নোপোৱাত অৱশেষত সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে প্ৰৱঞ্চক ৰমজান আলীৰ নামত এখন এজাহৰ দাখিল কৰিছে গাঁওবুঢ়াই৷