মৰিয়নীত তিতাবৰ মহকুমা আৰক্ষী বিষয়াই জব্দ কৰে তিনিখন কয়লা পৰিবাহী ট্ৰাক

 07/20/2019 - 16:35

মৰিয়নী: শুক্ৰবাৰে নিশাৰ ভাগত তিতাবৰ মহকুমা আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চুতাফলাৰৰ পৰা AS 01 CC 2457 নম্বৰৰ এখন ট্ৰাকৰ লগতে সীমান্তৰ সোণোৱাল চাহ বাগিচাৰ কাষতে আৰক্ষীৰ উমান পাই পলায়ন কৰিবলৈ লোৱাৰ সময়ত WB 59 A 6901 নম্বৰৰ এখন ট্ৰাক জব্দ কৰি পৰৱৰ্তী সময়ত মৰিয়নী থানালৈ আনে৷

যদিও তাৰ মাজতে আন এখন ট্ৰাকৰ চালকে যান্ত্ৰিক বিজুতিৰ বাবে থানালৈ আনিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে ট্ৰাকখনৰ কাগজসমূহ পৰীক্ষা কৰিবলৈ বুলি থানালৈ আহে৷ নিশাৰ ভাগতে মৰিয়নী থানাত উপস্থিত হয় তিতাবৰৰ পৰা দুজনকৈ অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ মৰিয়নী থানাত কয়লা ট্ৰাকৰ বিৰুদ্ধে এখন এজাহাৰ প্ৰদান কৰে৷

বিশেষ সুত্ৰৰ পৰা জানিবলৈ পৰা মতে কয়লা থকা ট্ৰাক দুখনত জোখতকৈ অধিক কয়লা পৰিবাহী কৰি নগালেণ্ডৰ পৰা প্ৰয়োজনীয় কাগজ নোহোৱাকৈ লৈ গৈ থকা হৈছিল৷ ট্ৰাক দুখনৰ লগতে ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।