নগৰবেৰাৰ স্বাস্থ্যকেন্দ্ৰ পানীৰ তলতঃ মানৱ সেৱাত অহৰহ নিয়োজিত চিকিৎসক,কৰ্মচাৰী

 07/20/2019 - 16:54

নগৰবেৰাঃ পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে বানাক্ৰান্ত অঞ্চল সমুহত দেখা দিছে মাৰাত্মক সমস্যা। এক দুৰ্গন্ধময় পৰিৱেশত থাকিব লগীয়া হৈছে বন্যাৰ্ত জনতা। অপৰিস্কাৰ পানী খোৱা বস্তু খাই আক্ৰান্ত হৈছে নানা ৰোগত। ঠাই বিশেষে ইতিমধ্যে আৰম্ভ হৈছে ডায়েৰীয়া জণ্ডিজ। এনে দুৰ্যোগৰ সময়ত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চৌহদত এতিয়াও একাঁঠু একঁকাল পানী। প্ৰতিটো আৱাস গৃহত এতিয়াও আছে পানী। প্ৰতিটো কক্ষতে কেৱল বোকা আৰু বোকা।

নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰতিখন স্বাস্থ্যকেন্দ্ৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ছাব চেণ্টাৰ আজিও পানীৰ তলত। এনে পৰিস্থিতিত আক্ৰান্ত ৰোগী সকলোক চিকিৎসা প্ৰদান কৰাটো কঠিন হৈ পৰিছে। নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লগতে কেবাখন স্বাস্থ্যকেন্দ্ৰত মূল ভৱন এৰি অইন ঠাইত চিকিৎসা সেৱা অব্যাহত ৰাখিছে চিকিৎসককৰ্মীসকলে।

এনে আহুকালৰ সময়ত দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ আছে চিকিৎসক কৰ্মচাৰীৰ দল। বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰ সমূহত অতিৰিক্ত চিকিৎসা কৰ্মীয়ে চিকিৎসা প্ৰদান কৰিছে বানাক্ৰান্ত সকলক। প্ৰত্যাহ্বান নেওচি প্ৰকৃত মানৱ সেৱাত নিয়োজিত হৈ আছে চিকিৎসক কৰ্মচাৰী সকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।