বিদ্যুৎ বিভাগৰ গাফিলতিঃ বিশ্বনাথ-বিহপুৰীয়াসদৃশ পৰিবেশ হোৱাৰ সম্ভাৱনা লখিমপুৰত

 07/20/2019 - 18:22

লালুকঃ লখিমপুৰ জিলাৰ নাওবৈছা বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত ছিঙৰা পঞ্চায়তৰ অধীনত থকা বৰুলা হৈ ফুলবাৰিলৈ যোৱাৰ মাজ মজিয়াত বিদ্যুৎ লাইনৰ ভয়াবহ পৰিস্থিতি। নাওবৈছা আৰক্ষী চকীৰ অন্তৰ্গত বৰোলা গাঁৱৰ মাজ মজিয়াত ১১০০০ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ মাটিৰ পৰা ৪/৫ ফুট ওপৰেৰে যোৱাত উক্ত স্থানত ভয়াবহ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বহুবাৰ বিদ্যুৎ বিভাগত উক্ত স্থানৰ মাজে মাজে বিদ্যুতৰ খুঁটা বহুৱাবলৈ অৱগত কৰাত এতিয়ালৈকে কোনো ধৰণৰ কানসাৰ দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। উপাইবিহীন হৈ ৰাইজে পৰিবেশ উত্তাল কৰাৰ উপৰি প্ৰতিবিম্ব লাইভৰ জৰিয়তে পুনৰ বাৰ নাওবৈছা বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাক ইয়াৰ ভয়াবহ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ উপৰি অনতি পলমে উক্ত গাঁওখনৰ মাজেদি পাৰ হৈ যোৱা লাইনত মাজে মাজে বিদ্যুতৰ খুঁটা বহুৱাবলৈ দাবী উত্থাপন কৰে। লগতে যেতিয়ালৈকে এই লাইন মেৰামতি নকৰে তেতিয়ালৈকে গাঁৱৰ ৰাইজে মাহেকীয়া বিদ্যুতৰ বিল নিদিয়ে বুলি ভাবুকি প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।