কামপুৰঃ পঞ্চায়ত প্ৰতিনিধিক বিভিন্ন ভাবুকিৰে ধন দাবী কৰি বিপদত পৰিছে নগাঁও জিলাৰ কচুৱা আৰু কামপুৰৰ ৬ জনকৈ লোক। এই লোক কেইজনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে কঠিয়াতলী উন্নয়ন খণ্ডৰ কচুৱা পঞ্চায়তৰ সভাপতি এহিয়া মুস্তাফাই। বিভিন্ন সময়ত কচুৱা অঞ্চলৰ ইছাহক আলি, ফকৰ উদ্দিন, আাব্দুল জলিল, আব্দুল হাচেন আৰু ছিৰাজ উদ্দিনৰ লগতে কামপুৰৰ চাংচকীৰ কুশল মেধি নামৰ লোকজনে কেইবাখনো পঞ্চায়তৰ সভাপতিক ভাবুকি দি ধন দাবী কৰি আহিছিল।
কচুৱা আৰক্ষী থানাত দিয়া গোচৰত উল্লেখ থকা মতে লোক কেইজনে পঞ্চায়ত প্ৰতিনিধিকেইজনক অপহৰন কৰি হত্যাৰ কৰা ভাবুকি প্ৰদান কৰিছিল। এই সম্পৰ্কত কচুৱা থানাত গোচৰ নং ২০৪/১৯ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৩/৩৪ ধাৰাত এটা গোচৰ পঞ্জীয়ন হৈছে। আৰক্ষীয়ে লোককেইজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। আনহাতে অভিযুক্তকেইজন বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।