টুকটুকীঃ সমগ্ৰ ৰাজ্যখনতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু গড়াখহনীয়াই ৰাজ্যবাসীক জুৰুলা কৰা সময়ত দুখ-দুদৰ্শাই কুলাই-পাচিয়ে নধৰা বৰ্ন্যাতৰ কাষত থিয় হৈ বান সাহায্য প্ৰদান কৰিলে ভাৰতীয় ষ্টেট বেংক নগাঁঁও শাখাৰ বিষয়া কৰ্মচাৰীয়ে।
এই উপলক্ষে নগাঁঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ পৰামৰ্শ অনুসৰি জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিল আৰু বৰবিল কছাৰী গাঁৱৰ দুটা বান শিবিৰত ষ্টেট বেংক নগাওঁ শাখাৰ সহকাৰী মহা প্ৰৱন্ধক ৰঞ্জিত কুমাৰ দত্তৰ নেতৃত্বত বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰী উপস্থিত হৈ ৩০০ টা বানাক্ৰান্ত পৰিয়াললৈ চেনী, চিৰা, মিঠাতেল, গাখীৰ, মিনাৰেল পানী বটল, মমবাতি, মেছ, মহ মাৰা ধূপ, ডেটল চাবোন আৰু বিস্কুটকে ধৰি মুঠ ১১ বিধ সামগ্ৰী বিতৰণ কৰে।
স্থানীয় গাওঁবুঢ়া আৰু ধিং আৰক্ষীৰ সহযোগিতাত উক্ত বান সাহায্য নিয়াৰিকৈ প্ৰদান কৰিব পাৰে বুলি সহকাৰী মহা প্ৰৱন্ধক দত্তই জানিব দিয়ে। উল্লেখযোগ্য যে, শাখাটোৱে পুনৰ জিলাখনৰ কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত বানপিড়ীত ২০০ টা পৰিয়ালক বানসাহায্য প্ৰদান কৰিব বুলিও জানিব দিয়ে।