মাৰ্ঘেৰিটাঃ সমগ্ৰ অসমতেই বানপীড়িত ৰাইজৰ সাহায্যৰ বাবে ৰাজ্য চৰকাৰ, বিভিন্ন দল-সংগঠন, অসম তথা দেশৰ শিল্পী সমাজে আগবাঢ়ি অহাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিতো বিধায়ক ভাস্কৰ শৰ্মা ফেনছ ক্লাৱৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে বন্যাৰ্ত ৰাইজৰ সহায়ৰ বাবে বান সাহায্য সংগ্ৰহ অভিযান৷
আজি সমষ্টিটোৰ লেখাপানী উদয়পুৰৰ পৰা আৰম্ভ হোৱা বান সাহায্য সংগ্ৰহ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাস্কৰ শৰ্মা ফেনছ ক্লাৱৰ মুখ্য আহ্বায়ক তথা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ ছ’চিয়েল মিডিয়া আৰু প্ৰেছ উপদেষ্টা ৰূপম বৰুৱাৰ লগতে বিধায়ক প্ৰতিনিধি হিচাপে জ্যোতিষ ৰাই সোন্দাষ, স্থানীয় জাগুণ জিলা পৰিষদৰ সদস্য বোধ প্ৰকাশ উপাধ্যায়, লেখাপানী আঞ্চলিক পঞ্চায়তৰ সদস্য নৱ দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ সম্পাদক ৰাকেশ জয়চোৱাল আদি উপস্থিত থকাৰ লগতে আজিৰ প্ৰথম দিনাৰ সাহাৰ্য সংগ্ৰহ অভিযানত অৰ্ধ শতাধিক ফেনছ ক্লাৱৰ সদস্যই অংশগ্ৰহণ কৰে৷
ফেনছ ক্লাৱৰ বান সাহায্য সংগ্ৰহ অভিযানৰ পুঁজিলৈ বিধায়ক ভাস্কৰ শৰ্মাই নিজৰ এমাহৰ দৰমহা আগবঢ়াব বুলি ঘোষণা কৰিছে৷