চামগুৰিৰ লাওখোৱাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেনৰ সাহায্য বিতৰণ

 07/20/2019 - 20:58

চামগুৰিঃ চামগুৰিৰ লাওখোৱাত বিগত কেইবাদিনো ধৰি বানপানীৰ সমস্যা অব্যাহত থকাৰ পাছত এতিয়া জলপৃষ্ঠ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পিছতেই বান সাহায্যভৰ্তি এখন মেজিকত উঠি শুকুৰবাৰে চামগুৰিৰ লাওখোৱাৰ বান বিধ্বস্ত এলেকাত উপস্থিত হ'ল বিধায়ক ৰকিবুল হুইছেন। টাটা মেজিকেৰে চামগুৰিৰ লাওখোৱাৰ শান্তিবজাৰ, ৪নং ভুৰবন্ধাত উপস্থিত হৈ বান সাহায্য প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুইছেনে।

বহু সংখ্যক বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক ৰকিবুল হুইছেনে ৰাজ্যৰ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় চৰকাৰক। আনহাতে বিধায়ক হুইছেনে সংবাদ মাধ্যমৰ সন্মুখত জনবিৰোধী যিকোনো বিষয় বিধানসভাত দাঙি ধৰিম বুলি কৈ আওপকীয়াকৈ দিবাং জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত মন্তব্য কৰে।

ইয়াৰোপৰি টেট শিক্ষকৰ সমস্যাসমূহৰ কথা উল্লেখ কৰি কয় যে টেট শিক্ষকসকলৰ সমস্যা দূৰীকৰণৰ বাবে টেটৰ এজন চৰ্দাৰ আছে গতিকে সেই সমস্যাসমূহ সেই চৰ্দাৰজনক জনোৱা উচিত বুলি মন্তব্য কৰাৰ লগতে টেট শিক্ষকৰ বিষয়টো আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰা হ’ব বুলিও সদৰি কৰে বিৰোধী দলৰ বিধায়কজনে।

আনহাতে লাওখোৱাৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণৰ পাছতেই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ দৰে পৃথক পৃথক ৰঙৰ দুপাত চেণ্ডেল পিন্ধি প্ৰাক্তন মন্ত্ৰীগৰাকী কলিয়াবৰ সমষ্টিৰ বিভিন্ন অঞ্চললৈ ৰাওনা হোৱা দেখা যায়। উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেনৰ পৃথক পৃথক ৰঙৰ চেণ্ডেল দুপাত আজি ৰাইজৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।